Missing case in Jorhat: তিতাবৰত ন দিনেই সন্ধানহীন দশম শ্ৰেণী ছাত্ৰ - Missing case in Jorhat
🎬 Watch Now: Feature Video

তিতাবৰ, ১১ জুলাই:যোৰহাট জিলাৰ তিতাবৰত ন দিনে সন্ধানহীন হৈ আছে মৃণাল বৰা (১৫) নামৰ এজন দশম শ্ৰেণীৰ ছাত্ৰ। একমাত্ৰ পুত্ৰৰ ফটোখনকে বুকুত লৈ কান্দি কান্দি ছাত্ৰজনৰ মাতৃয়ে ৰাইজক আহ্বান জনাইছে সন্ধান দিবলৈ ।
একমাত্ৰ পুত্ৰৰ ফটোখনকে বুকুত লৈ পদূলি মুখত বাট চাই ভাগৰি পৰিছে মাতৃ । বৰহোলা সীমান্তবৰ্তী অঞ্চল মিলনভূমি গাঁৱত যোৱা ৪ জুলাই মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে এই দশম শ্ৰেণী ছাত্ৰজন । এই ছাত্ৰজনক বিচাৰি পিতৃ মাতৃয়ে হাবাথুৰি খাইছে । ছাত্ৰজনৰ পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দিয়াৰ পিচতো আজিলৈকে কোনো ধৰণৰ সন্ধান লাভ নাই কৰা নাই । কোনো লোকে যদি এই ছাত্ৰজনৰ সন্ধান পায় তেতিয়াহ'লে 8761080010 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ-মাতৃয়ে অনুৰোধ জনাইছে ।
লগতে পঢ়ক:Himachal Floods Update : হিমাচলৰ বান পৰিস্থিতিত মৃত্যুৰ সংখ্যা ৮০ লৈ বৃদ্ধি; ক্ষতি ১০৫০ কোটিৰ
TAGGED:
Missing case in Jorhat