Road accident at Talap: তালাপত দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত 13 বছৰীয়া ছাত্ৰী

By

Published : Feb 1, 2023, 9:44 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

তিনিচুকীয়া, 1 ফেব্ৰুৱাৰী: তালাপত শোকাৱহ পথ দুৰ্ঘটনা(Road accident at Talap) ৷ তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত থিতাতে নিহত এটি কণমানি ৷ তিনিচুকীয়াৰ তালাপৰ খোবাং চাহ বাগিচাৰ নতুন লাইনৰ দেবানন্দ কালান্দি আৰু লক্ষী কালান্দিৰ 13 বছৰীয়া কন্যা আছিল নিহত ববিতা কালান্দি ৷  

টিউচনৰ পৰা ঘৰলৈ ওভতাৰ পথতে তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তালাপ-খোবাং শিমলুগুৰি পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ তালাপ বালিবজাৰ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল নিহত ববিতা কালান্দি(Student killed in road accident) ৷ ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে মটৰচাইকেল আৰোহীজন ৷ ইতিমধ্যেই মটৰচাইকেলখনৰ সন্ধানত তালাপ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ উদণ্ড মটৰচাইকেল চালকক কৰায়ক্ত কৰি উচিত শাস্তি বিহাৰ লগতে পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰিছে স্থানীয় আটছাৰ নেতৃত্বই ৷

উল্লেখ্য যে, ৰাজ্যখনক দুৰ্ঘটনামুক্ত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহন বিভাগ আৰু আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান ৷ কিছুদিন পূৰ্বে ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছিল পথ সুৰক্ষা সপ্তাহ(Road safety week)  ৷ কিন্তু একাংশ ৰাইজৰ সচেতনতাৰ অভাৱত ৰাজ্যত সংঘটিত হৈয়ে আছে পথ দুৰ্ঘটনা ৷ কাণ্ড-জ্ঞানহীন একাংশলোকে নিজৰ লগতে আনৰ জীৱনলৈয়ো কঢ়িয়াই আনিছে ভাবুকি ৷ যাৰ বাবে কল্পনা কৰিব নোৱাৰাকৈ 14,622 গৰাকীলোকে বিগত পাঁচ বছৰত কেৱল পথ দুৰ্ঘটনাৰ ফলতে মৃত্যুক আকোঁৱালি লৈছে ।

আনহাতে, শেহতীয়া পৰিসংখ্যা অনুসৰি ৰাজ্যত মৃত্যুৰ অন্যতম কাৰণ হৈ পৰিছে পথ দুৰ্ঘটনা ৷ ক্ৰমাগতভাৱে ৰাজ্যখনত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা দুৰ্ঘটনাৰ তথ্য পোহৰলৈ আহিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাই পথ মন্ত্ৰালয়ে (Ministry of road transport and highway) প্ৰকাশ কৰা ‘ৰোড এক্সিডেণ্ট ইন ইণ্ডিয়া-2021’(Road accident in India 2021) শীর্ষক প্ৰতিবেদনত ৷ 

একেদৰে পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত 18 নম্বৰ স্থানত আছে । তালিকাত যদিও অসম দেশৰ আন বহু ৰাজ্যৰ তলত আছে, কিন্তু প্ৰতিনিয়ত ৰাজ্যখনত বৃদ্ধি পোৱা পথ দুর্ঘটনাই এই স্থান চেৰ পেলাই অধিক আগলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে(Road accident in Assam) ।

লগতে পঢ়ক: Road accident in Assam: ঘাতকৰ ৰূপত পথ দুৰ্ঘটনা; 5 বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.