thumbnail

By

Published : Jul 27, 2023, 7:36 PM IST

ETV Bharat / Videos

Student death : ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈ ছাত্ৰৰ মৃত্যু

দৰং, 27 জুলাই : দৰং জিলাৰ মঙলদৈ গাধোৱা চাপৰিত অঘটন । ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ যোৱা এজন ছাত্ৰই অকাল মৃত্যুক সাৱটি লয় ৷ ছাত্ৰজনৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ ইফালে ঘটনাস্থলীত SDRF বাহিনীৰ লগতে আৰক্ষীৰ লোক দুঘণ্টা পলমলকৈ উপস্থিত হোৱাৰ পিচতে স্থানীয় লোকে উত্তেজনাৰ সৃষ্টি কৰে ।

SDRF বাহিনীৰ লোকক ঘটনাস্থলীৰ পৰা খেদি পঠিয়াই স্থানীয় ৰাইজে। বৃহস্পতিবাৰে মঙলদৈ ধূলাৰ চুলেমান খান নামৰ ছাত্ৰজনে টিউচন কৰিবলৈ আহি আন তিনি ছাত্ৰৰ সৈতে মিলি ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ আহিছিল। কিন্তু দুৰ্ভাগ্যৱশতঃ দশমমান শ্ৰেণীৰ ছাত্ৰজন সুঁতিৰ প্ৰৱল সোঁতত উটি যায় । লগে লগে স্থানীয় লোকে আৰক্ষী আৰু SDRF ৰ লোকক খবৰ দিছিল যদিও বহু পলমকৈ উপস্থিত হয় আৰক্ষীৰ লগতে SDRF ৰ লোক । উপায়ন্তৰ ৰাইজেই নদীত উদ্ধাৰ অভিযান চলাই ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়ক: MV Ganga Vilas Cruise : RTI ৰ উত্তৰত এম ভি গংগা বিলাসৰ প্ৰকৃত তথ্য ফাদিল !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.