কটন বিশ্ববিদ্যালয়ত দ্বিতীয় মহলাৰ পৰা ছাত্ৰীৰ আত্মহত্যাৰ অপচেষ্টা

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:34 PM IST

thumbnail

গুৱাহাটী, 12 ডিচেম্বৰ : কটন বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ দ্বিতীয় মহলাৰ পৰা জাঁপ মাৰি এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা ৷ যদিও কথমপি প্ৰাণৰক্ষা পৰে ছাত্ৰীগৰাকীৰ ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে ছাত্ৰীগৰাকী ৷ সম্প্ৰতি আহত ছাত্ৰীগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । 

ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলি বিশ্ববিদ্যালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল ছাত্ৰীগৰাকী ৷ কটন বিশ্ববিদ্যালয়ৰ MCB বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলায় ছাত্ৰীগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে ।

ছাত্ৰীগৰাকীৰ সহপাঠীয়ে জনোৱা অনুসৰি, চেওঁ প্ৰায় দুমাহ ধৰি কলেজত উপস্থিত নাছিল ৷ শেহতীয়াকৈ কলেজলৈ আহিছিল ছাত্ৰীগৰাকীয়ে ৷ তেওঁ আগৰে পৰাই প্ৰায় অকলশৰে আৰু বিষাদগ্ৰস্ত হৈ থাকে ৷

লগতে পঢ়ক: খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.