thumbnail

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:34 PM IST

ETV Bharat / Videos

Protest in Marigaon : পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ দাবী

মৰিগাঁও, ২২ আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মঙলবাৰে মৰিগাঁও জিলাতো পুৰণি পেন্সন নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এন পি এছ কৰ্মচাৰী সন্থাই কৰ্মবিৰতি পালনৰে পুৰণি পেন্সন নীতি প্ৰৱৰ্তনৰ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত হাতে-হাতে প্লেকাৰ্ড লৈ নতুন পেন্সন নীতি প্ৰত্যাহাৰ কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে চৰকাৰক দাবী জনায় । প্ৰতিবাদকাৰীসকলে এক দেশ এক পেন্সন নীতি বলবৎ কৰাৰ দাবীত দুদিনীয়া কৰ্মবিৰতি পালন কৰে ।

উল্লেখ্য যে মৰিগাঁও জিলাৰ এনপি এছ কৰ্মচাৰী সন্থাৰ নেতৃত্বত মৰিগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰ্যলয়ত প্ৰথমে আনুষ্ঠানিকভাৱে কৰ্মবিৰতি পালন কৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

প্ৰতিবাদকাৰীসকলে  ক্ষোভেৰে কয় যে নতুন পেন্সন নীতিৰ আওতালৈ অহা কৰ্মচাৰীসকলে ভৱিষ্যত অন্ধকাৰ নামি আহিব । পেন্সনৰ সময়ত পাঁচ টকা লৈ ঘৰলৈ যাব লগা হ'ব । এই দাবী মানি নল'লে পৰৱৰ্তী পদক্ষেপ হ'ব ভাৰত জোড়ো কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ।

লগতে পঢ়ক:Prakash Raj: প্ৰকাশ ৰাজৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল এজাহাৰ, চন্দ্ৰযান-৩ক লৈ কি টুইট কৰিছিল অভিনেতাজনে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.