thumbnail

Street play at railway level crossing:লামডিঙৰ ৰে’লৱে লেভেল ক্ৰচিঙত আৰ পি এফৰ বাটৰ নাট

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:47 PM IST

হোজাই, 11 ছেপ্টেম্বৰ : লামডিঙৰ ৰে’লৱে লেভেল ক্ৰচিঙত আৰ পি এফৰ বাটৰ নাট । সোমবাৰে লামডিঙত ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ লামডিং হৰলংফাৰ ৰে’লৱে লেভেল ক্ৰচিঙত আৰ পি এফৰ লোক সকলে বাটৰ নাটখনি প্ৰদৰ্শিত কৰে ৷

লেভেল ক্ৰচিঙত গেট বন্ধ হৈ থকাৰ সময়ত কোনো লোক যাতে গেটৰ তলেৰে পাৰ হৈ নাযায় তাকে লৈ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এই বাটৰ নাটৰ আয়োজন কৰা হয় ৷ গেট বন্ধ হৈ থকাৰ সময়ত তেনে কৰিলে কি পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে, তাক যম ৰজাৰ জৰিয়তে এখনি চুটি বাটৰ নাটৰে সৈতে প্ৰদৰ্শন কৰা হয় ৷ লগতে আৰ পি এফৰ ফালৰ পৰা জানিবলৈ দিয়ে যে যদি কোনো লোকে ৰে’লৰ গেট পৰি থকাৰ সময়ত গেটৰ তলেৰে পাৰ হৈ যায় তেন্ত ৰে’লৱে এক্টৰ জৰিয়তে আইনগত ব্যৱস্থা লোৱাৰো থল আছে ৷

লগতে পঢ়ক : Public Protest in Hojai: যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি হোজাই থানাত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.