ধুমুহাৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত তামুলপুৰৰ বিধায়কৰ বাসগৃহ : মহিলাৰ মৃত্যু - ব'হাগৰ প্ৰথমটো দিনতে তামুলপুৰত ধুমুহাৰ তাণ্ডৱ
🎬 Watch Now: Feature Video
বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী । কিন্তু বিহুৰ এই আনন্দৰ মাজতে বিভিন্ন স্থানত দেখা গৈছে প্ৰকৃতিৰ ৰুদ্ৰৰূপ । প্ৰচণ্ড ধুমুহাৰ কৱলত ৰাজ্যৰ কেইবাখনো জিলা (Severe storm in Assam)। ব'হাগৰ প্ৰথমটো দিনতে তামুলপুৰত ধুমুহাৰ তাণ্ডৱ (Heavy storms in Tamulpur)। জিলাখনৰ বহু স্থানত ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন । ইয়াৰ মাজতে আমবাৰী বাতাবাৰী গাঁৱত মৰ্মান্তিক ঘটনা । ধুমুহাত গছ পৰি এগৰাকী মহিলাই মৃত্যুক আঁকোৱালি লয় (Woman dies after falling tree in storm in Tamulpur)। মৃত মহিলাগৰাকী সৰ্বেশ্বৰ মুছাহাৰীৰ পত্নী অনে মুছাহাৰী বুলি জানিব পৰা গৈছে । ধুমুহাৰ ফলত বিধায়কৰ বাসগৃহৰো ক্ষতিসাধন । বিধায়কগৰাকীৰ বাসগৃহৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰে । কথমপি প্ৰাণ ৰক্ষা বিধায়কগৰাকীৰ । ধুমুহাৰ ফলত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ক্ষতিসাধন । বহু স্থানত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰে । প্ৰচণ্ড ধুমুহাত গছ উভালি পৰাৰ পাছত জিলাখনৰ কেইবাটাও মূল পথ বন্ধ হৈ পৰে ।
Last Updated : Feb 3, 2023, 8:22 PM IST