Thief arrested: নগাঁৱত মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰী জব্দ - Operation against thief
🎬 Watch Now: Feature Video

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা । চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিলে নগাঁও আৰক্ষীয়ে (Operation against thief)। দেওবাৰে সন্ধিয়া নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মন্দিৰৰ চুৰি সামগ্ৰীৰ সন্ধানত । নগাঁৱৰ মৰিকলঙৰ চাৰিখুটিত অভিযান চলায় আৰক্ষীৰ দলটোৱে । অভিযানত আৰক্ষীয়ে জব্দ কৰে মন্দিৰৰ পৰা চুৰি হোৱা বহু সামগ্ৰী (Stolen items seized in Nagaon) । মন্দিৰৰ সামগ্ৰী চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে মহিলাসহ আন এজনক (Theif arrested in Nagaon) । ইনা বেগমৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে চুৰি সামগ্ৰী খিনি । আৰক্ষীয়ে ইনা বেগম নামৰ মহিলাগৰাকীসহ আব্দুল মুন্নাফ নামৰ এজন যুৱককো আটক কৰে । ইয়াৰ পূৰ্বেও আৰক্ষীয়ে এই দুগৰাকীক চুৰিৰ গোচৰত আটক কৰিছিল ।
Last Updated : Feb 3, 2023, 8:34 PM IST