Statue of Tarun Gogoi: টীয়কত প্ৰয়াত প্ৰধানমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মাণ

By

Published : Oct 11, 2022, 4:35 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ মঙলবাৰে ৮৮ সংখ্যক জন্মদিন (88th birthday of Tarun Gogoi)। অসমৰ ইতিহাসত দীৰ্ঘদিন মুখ্যমন্ত্ৰী হিচাপে অভিলেখ ৰচিছে তৰুণ গগৈয়ে । এইগৰাকী ৰাজনীতিকক শ্ৰদ্ধা জনাই টীয়কৰ ঢেকীয়াখোৱাৰ পৱিত্ৰ শইকীয়া নামৰ ভাস্কৰ্য শিল্পীগৰাকীয়ে নিৰ্মাণ কৰিছে তেওঁৰ প্ৰতিমূৰ্তি (Statue of Former CM Tarun Gogoi)। দীৰ্ঘদিন মুম্বাইত ভাস্কৰ্য শিল্পী ৰূপে কৰ্মৰত পৱিত্ৰ শইকীয়াই (Pavitra Saikia preparing Statue of Tarun Gogoi) শিৱাজী মহাৰাজা (Statue of Shivaji Maharaja), বল্লভভাই পেটেল (Statue of Vallabhbhai Patel), সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি (Statue of Sarvepalli Radhakrishnan) নিৰ্মাণ কৰি ভূয়সী প্ৰশংসা বুটলিছে । তেওঁ তৰুণ গগৈৰ মৃত্যু তিথিত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব বুলি কয় । ইতিমধ্যে শিল্পীগৰাকী ব্যস্ত হৈ পৰিছে শেষ পৰশ দিয়াত । ইপিনে,অসমৰ নৱ প্ৰজন্মক এই শিল্পৰ প্ৰতি আকৃষ্ট তথা শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যেএইদৰে কৰ্মৰত হৈ আছে বুলি মন্তব্য কৰিছে । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণ তথা ক'ভিড ১৯ত (Covid 19)আক্ৰান্ত হৈ আইচিইউত কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ থকা অৱস্থাত শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ বিকল হৈ 2020 বৰ্ষৰ ২৩ নৱেম্বৰত ইহ-সংসাৰৰ পৰা মেলানি মাগিছিল জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.