Traditional fish hunting in Morigaon: বুকুত মেঠনি মাৰি জাকৈ-খালৈ লৈ মৎস্য চিকাৰত নামিল আঙুৰলতা
🎬 Watch Now: Feature Video
আহু চাবা গধূলি, শালি চাবা পুৱা
জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা
মৰিগাঁৱত জাকৈয়া ছোৱালীৰ ৰূপত শুকুৰবাৰে দেখা গ’ল ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক । মাঘবিহু উপলক্ষে বুকুত মেঠনি মাৰি জাকৈ-খালৈ লৈ মৰিগাঁও জাগীৰোডৰ সৰু মনহা বিলত মৎস্য চিকাৰত নামিল আঙুৰলতা(Bhogali bihu feasting at Saru Manaha beel) ।
দলীয় কৰ্মীসকলক লগত লৈ নাচি বাগি মৎস্য চিকাৰত ব্যস্ত দেখা গ’ল বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক(Angurlata Deka fished in the small Manha Beel) ৷ চহা অসমীয়াৰ সমূহীয়া মৎস চিকাৰ পৰম্পৰাক উজ্জীৱিত কৰি ৰখাৰ লক্ষ্যৰে এনেদৰে মৰিগাঁও জাগীৰোড সমষ্টিৰ সৰুমনহা বিলত চমক সৃষ্টি ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ ।
মাঘবিহুৰ উৰুকাৰ আগদিনা বিজেপিৰ মহিলা মৰ্চাৰ অসম প্ৰদেশৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত বিজেপি মহিলা মৰ্চাই ৰাইজৰ লগত জাগীৰোডৰ সৰু মনহা বিলত গীত মাত উল্লাসৰ মাজেৰে জাকৈ-খালৈ লৈ মাৰিলে মাছ ৷ তেওঁ সাংবাদিকৰ আগত কয়, সৰু সৰু মাছ পাইছো । অপেক্ষা মাথো ডাঙৰ মাছলৈ ।
TAGGED:
মৎস্য চিকাৰত নামিল আঙুৰলতা