Srimanta Sankaradeva Tithi: শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তিৰসৰ নৈ - Sankaradeva 455th death anniversary
🎬 Watch Now: Feature Video


Published : Sep 16, 2023, 8:04 PM IST
সৰুপথাৰ,১৬ ছেপ্টেম্বৰ: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । অসমীয়া নাট্য সাহিত্যৰ জনক, অসমীয়া সমাজখনৰ যুগদ্ৰষ্টা গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যতেই স্মৰণ কৰা হৈছে গুৰুজনাক । ৰাজ্যৰ নামঘৰ-সত্ৰসমূহ পৰিণত হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ।
নাম-কীৰ্তনেৰে মুখৰিত হৈছে গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ । পৱিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত অসমৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হয় বহু শতাধিক ভক্তপ্ৰাণ লোকৰ । ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰ ভাগৰ পৰাই নাম-প্ৰসংগ, দিহানাম আদিৰে মুখৰিত হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰুজনাৰ আশিস বিচাৰি ৰাইজৰ আগমন দেখিবলৈ পোৱা গৈছে । গুৰুজনাৰ বন্দনাৰে নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ ।
লগতে পঢ়ক: Tirubhav Tithi of Srimanta Sankardev 2023: হৰি নামৰ ধ্বনিৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ