4 বছৰজোৰা আইনী সংগ্ৰামৰ অন্তত নাগৰিকত্ব ঘুৰাই পালে স্বাধীনতা সংগ্ৰামীৰ কন্যাই - স্বদেশী ঘোষণা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:13 AM IST

বঙাইগাঁও, 8 ডিচেম্বৰ : নিজ মাতৃভূমিতেই বিদেশী ঘোষণা হৈছিল এগৰাকী মহিলা ৷ চাৰিবছৰ পূৰ্বে সৃজিবালা ঘোষলৈ বিদেশী বুলি এখনী জাননী আহিছিল ৷ তাৰ পিচতেই দুৰ্ভগীয়া আইতাগৰাকীৰ মূৰত সৰগ ভাঙি পৰে ৷ উপায়হীন হৈ পৰৱৰ্তী সময়ত আদালতৰ কাষ চাপিছিল আইতাগৰাকী ৷ তাৰ পিচতে সুদীৰ্ঘ প্ৰায় 4 বছৰ পিচত আইনী যুঁজ কৰি বৃহস্পতিবাৰে পুনৰ নিজৰ স্বদেশী স্বীকৃতি ঘূৰাই পালে আইতা সৃজিবালা ঘোষে। 

জানিব পৰা মতে আইতাগৰাকীৰ জন্ম হৈছিল খাৰুপেটীয়াত ৷ তেওঁৰ পিতৃৰ নাম দিগিন্দ্ৰ চন্দ্ৰ ঘোষ ৷ তেওঁৰ পিতৃ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল বুলি জানিব পৰা গৈছে ৷ বহু কষ্ঠৰ মূৰত স্বদেশী স্বীকৃতি পোৱাৰ পিচত আইতাগৰাকীয়ে এতিয়া স্বস্তিৰ নিশ্বাস লৈছে। আইনৰ এই ৰায়দানত অত্যন্ত সুখী বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে সৃজিবালা ঘোষে ৷ 

লগতে পঢ়ক:লালমাটিত নিশা ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.