পবিতৰাৰ সৌন্দৰ্যত মোহাচ্ছন্ন শ্ৰীলংকাৰ প্ৰতিনিধি

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:49 PM IST

thumbnail

মৰিগাঁও, 19 ডিচেম্বৰ :  দেশ-বিদেশৰ পৰ্যটকক হাতবাউল দি মাতিছে যাদুৰ দেশ মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ নান্দনিক পৰিৱেশে । মঙলবাৰে সুদুৰ শ্ৰীলংকাৰপৰা পবিতৰাত উপস্থিত হয় কুৰিগৰাকী বিদেশী ৰাষ্ট্ৰৰ ৰাজনৈতিক পৰ্যটক ।

এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত উপস্থিত হয় শ্ৰীলংকা সংসদৰ ২০ গৰাকীকৈ প্ৰতিনিধি ৷ শ্ৰীলংকা সংসদৰ অধ্যক্ষ মহিন্দা য়াপাৰ নেতৃত্বত অহা সংসদৰ দলটোৱে পবিতৰাৰ জিজিনা ৰিজৰ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিচতে জীপ চাফাৰীৰে ভ্ৰমণ কৰে পবিতৰা অভয়াৰণ্য ৷ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়, বনৰীয়া ম’হ, বন গাহৰি আৰু শতাধিক প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ লগতে অভয়াৰণ্যখনৰ নান্দনিক পৰিৱেশ প্ৰত্যক্ষ কৰি মোহাচ্ছন্ন হৈ পৰে শ্ৰীলংকাৰ প্ৰতিনিধি দলটো ৷

এই দলটোৱে পবিতৰাৰ পৰা উভতি যোৱাৰ পৰত সদৰী কৰে যে, আগন্তুক দিনত শ্ৰীলংকাৰ পৰা যথেষ্ট পৰ্যটক অসমলৈ আহিব ৷ ভাৰত তথা অসমৰ যাদুৰ দেশ মায়ঙৰ পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰিবলৈ আহিব পৰ্যটক । শ্ৰীলংকাৰ প্ৰতিনিধি দলটোক নেতৃত্ব প্ৰদান কৰি মঙলবাৰে কি ক’লে অধ্যক্ষ মহিন্দা য়াপাই শুনক ।

লগতে পঢ়ক : জোনবিলৰ পাৰত অহা 18 ৰ পৰা 20 জানুৱাৰীলৈ ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.