কলিয়াবৰ মাধতাৰি কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন - Raaslila 2023 in Assam
🎬 Watch Now: Feature Video
Published : Nov 28, 2023, 2:31 PM IST
কলিয়াবৰ, ২৮ নৱেম্বৰ :কলিয়াবৰ মাধতাৰি কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হয় । সমন্বিত যুৱতীৰ্থৰ, মাধতাৰি শাখা আৰু কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত সোমবাৰে আয়োজন কৰে গুৰুজনাৰ 'কেলিগোপাল' নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া । ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন্যতম মুখ্য ধৰ্মীয় উৎসৱ । মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও কলিয়াবৰত শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট 'কেলি-গোপাল' অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে পালন কৰি অহা হৈছে ।
এইবেলিও কলিয়াবৰৰ বিভিন্ন স্থানত 'কেলি-গোপাল' নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাস উদ্যাপন প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছ । খোলে-তালে ৰজন-জনাই উঠিছে কলিয়াবৰৰ চৌদিশ । ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ-বতাহ ৷ আঘোণ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈছে ৰাসলীলা ৷ ৰাসৰ বাবে ভাৱৰীয়াই কংসৰ বচন, দৈৱকীৰ বিলাপ আওৰাইছে ।