Sports Fellowship awarded: যোৰহাটত সাহসৰ উদ্যোগত দুই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক ফেল'শ্বিপ প্ৰদান - যোৰহাটত সাহসৰ উদ্যোগত ক্ৰীড়া ফেল‘শ্বিপ প্ৰদান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:21 PM IST

যোৰহাট, ২১ ছেপ্টেম্বৰ: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাগৃহত "সাহস"ৰ উদ্যোগত বৃহস্পতিবাৰে আয়োজন কৰা হয় এক বিশেষ ফেল'শ্বিপ প্ৰদান অনুষ্ঠান । উক্ত অনুষ্ঠানত যোৰহাটৰ দুই আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ ক্ৰমে ঈশান কাশ্যপ আৰু যশপ্ৰীত কৌৰক নগদ দহ হাজাৰ টকাকৈ ফেল'শ্বিপ প্ৰদান কৰা হয় । 

উল্লেখ্য যে এই দুগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈয়ে অহা ২৫ ছেপ্টেম্বৰৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিব । এই বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত বিশ্বৰ ৩৫ খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব ।

আনহাতে আজিৰ ফেল'শ্বিপ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি দুইগৰাকী খেলুৱৈক ফেল'শ্বিপ প্ৰদান কৰে সাহসৰ সভাপতি বিজয় শংকৰ বৰদলৈ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, যোৰহাট প্ৰেছ ক্লাৱৰ নৱ নিৰ্বাচিত সম্পাদক পৰমানন্দ বৰা, যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক যোগেশ ওজা, দিগন্ত বুঢ়াগোহাঁই, জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ললিত বৰা, যোৰহাট এমেছাৰ বক্সিং সন্থাৰ সভাপতি মুকুল শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ।

লগতে পঢ়ক: World arm wrestling champion: বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অংশ ল’ব অসম 25 গৰাকীৰ খেলুৱৈয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.