Asam Sahitya Sabha conference : আধ্যাত্মিকতাক বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত - গায়ন বায়ন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2023, 7:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বিহপুৰীয়া, 29 জানুৱাৰী : অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন (Asam Sahitya Sabha conference Narayanpur)৷ সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিৱেশখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে আদৰণি সমিতি ৷ বাৰ বৈঞ্চৱৰ জন্মস্থান নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ অন্যতম জাতীয় অনুষ্ঠানৰ পূৰ্ণাংগ অধিৱেশনস্থলীত দেখা গৈছে যুদ্ধকালীন তৎপৰতা ৷

অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ(Asam Sahitya Sabha) ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন । ইতিমধ্যে অধিৱেশনখনী সাফল্য মন্দিত কৰি তুলিবৰ বাবে আদৰণি সমিতি উঠিপৰি লাগিছে ৷ উল্লেখ্য যে, বাৰ বৈষ্ণৱৰ জন্মভূমি বৰ নাৰায়ণপুৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন (Asam Sahitya Sabha 76th conference)। গতিকে বাৰ বৈষ্ণবৰ জন্মভূমিত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনত আধ্যাত্মিকতাৰ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷

অধিৱেশনস্থলীত নিৰ্মাণ কৰা নামঘৰত দৈনিক ভিন্ন আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । ইফালে এই সাহিত্য সভাৰ অধিৱেশনত আহোম লোকসকলৰ পবিত্ৰ মে ডাম মেফিৰ কাৰ্যসূচীও ৰূপায়ন কৰিব । অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচীসমূহত অসমৰ জনপ্ৰিয় শিল্পীসকলৰ লগতে হাৰ্টথ্ৰব জুবিন গাৰ্গো(Zubeen Garg) উপস্থিত থাকিব বুলি সাংস্কৃতিক উপ-সমিতিয়ে জানিবলৈ দিছে ৷ মণিকাঞ্চন ক্ষেত্ৰৰ মূল মণ্ডপৰ লগতে তিনি হাজাৰ লোকে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তুলিছে ভোজনালয় ৷

মূল প্ৰৱেশদ্বাৰৰ তোৰণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰি তোলাৰ লগতে গ্ৰন্থমেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনীসমূহৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷  প্ৰায় দুই হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰি তুলিছে ৷ সভাস্থলীৰ সমীপত প্ৰায় ৩০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে ৬ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা অধিৱেশনখনিৰ নিৰ্ধাৰিত কুপনৰ ধন হাতলৈ নহাত কিছু পৰিমাণে আদৰণি সমিতি আৰ্থিক সংকটৰ পৰা মুক্ত হ’বপৰা নাই । ইপিনে অধিৱেশন উপলক্ষ্যত প্ৰকাশ পাবলগা ৭০০ পৃষ্ঠাজোৰা স্মৃতিগ্ৰন্থৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে ৷ ইফালে উক্ত অধিৱেশনতে শতাধিক গ্ৰন্থও উন্মোচন কৰা হ’ব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিছে ৷

বহুকেইটা গ্ৰুপত অধিৱেশনত পৰিৱেশন কৰিব পৰাকৈ পাঁচশজোৰা গায়ন-বায়ন(Gayan Bayan), পাঁচশ চালি নৃত্য শিল্পী, পাঁচশগৰাকী শিল্পীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰিবলৈ বহুকেইটা স্থানত অনুশীলন অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Assam Sahitya Sabha conference : অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি তুংগত

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.