Specially abled farmer : এটা ভৰিৰে এযুগ জীৱন সংগ্ৰাম - জীৱন যুঁজৰ জীয়া বাস্তৱ ছবি
🎬 Watch Now: Feature Video
নিউজ ডেস্ক, 3 আগষ্ট : শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে বহু লোকে নিজকে হতাশ আৰু অসহায় যেন অনুভৱ কৰে । কিন্তু শাৰীৰিক প্ৰতিবন্ধকতা সত্বেও যদি এগৰাকী ব্যক্তিৰ মনোবল দৃঢ় হয়, কৰ্মৰ প্ৰতি স্পৃহা থাকে, তেন্তে লক্ষ্যত উপনীত হোৱাত একোৱে বাধা দি ৰাখিব নোৱাৰে । আজি আমি ক’বলৈ লৈছো এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ জীৱন যুঁজৰ জীয়া বাস্তৱ ছবি ৷
বিগত বাৰটা বছৰে এখন ভৰিৰে এজন ব্যক্তিয়ে চলাই গৈছে জীৱন সংগ্ৰাম ৷ এখন ভৰিয়ে পৰিয়াল পোহপাল দিয়াৰ লগতে পঢ়ুৱাইছে দুগৰাকীকৈ ছোৱালীক ৷ আমি কৈ থকা এই বিশেষভাৱে সক্ষম ব্যক্তিজন হৈছে বোকাখাতৰ লখৌজান গড়মূৰ গাঁৱৰ বিকি বৰাইক ৷
বাৰ বছৰৰ পূৰ্বে অৰুণাচলত এটা পথ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই চিৰ জীৱনৰ বাবে পংগু হৈ পৰিছিল বিকি ৷ কিন্তু তাৰ পিচতো বিকিয়ে থমকি ৰোৱা নাই জীৱন যুদ্ধত । চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত এইজন লোকে মাত্ৰ বিশেষভাৱে সক্ষম লোকৰ বাবে অহা 1200 টকাহে পাবলৈ সক্ষম হৈছে । জানিব পৰা মতে, ন মাহৰ আগতে বিকিয়ে হেৰুৱালে বিনামূলীয়া চাউল কেইটাও । আজিলৈকে নাই চৰকাৰী ঘৰ, শৌচালয় কিম্বা বিজুলী-বাতিৰ সুবিধা ৷
আৰ্থিক অৱস্থাই জুৰুলা কৰা যুৱক বিকিয়ে কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে ৷ তৎস্বত্বেও বিকিয়ে জীৱন যুঁজত কেতিয়াও থমকি ৰোৱা নাই ৷ সম্প্ৰতি যুৱকজনে পৰিয়ালটোক পোহপাল দিবৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিচাৰিছে সহায়ৰ হাত ৷
লগতে পঢ়ক : Specially-abled youth: দুচকুৰে পৃথিৱী নেদেখিলেও কণ্ঠত সৰস্বতীৰ বসতি কেৰোমণি দাসৰ