Baresahariya Bhaona 2023 : বাৰেচহৰীয়া ভাওনাৰ স্মৃতিগ্ৰন্থ ‘বাৰেচহৰ’ উন্মোচন - বৈকুণ্ঠপুৰীত পৰিণত হ’ল জামুগুৰিহাট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 7, 2023, 10:22 PM IST

চতিয়া, ৭ মাৰ্চ : এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল জামুগুৰিহাট (Baresahariya Bhaona 2023) ৷ মঙলবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা হাজাৰ হাজাৰ ভক্তৰ হৰিনামৰ ধ্বনিৰে আন এক বৈকুণ্ঠপুৰীত পৰিণত হ’ল জামুগুৰিহাট (Baresahariya Bhaona at Jamuguri) ৷ পুৱা ৯ নং খলাত দবা বজাৰ লগে লগেই একে সময়তে আন ২০ খন খলাটো বাজি উঠিল দবা ৷ তাৰ লগে লগেই ২১ খন খলাত উপৱিষ্ট ৰাইজে আৰম্ভ কৰে হৰিনাম ৷

প্ৰায় দুঘন্টা সময় ৰাইজৰ হৰিনামৰ ধ্বনিয়ে আকাশ বতাহ কঁপাই তুলিলে পকামুৰা পথাৰৰ লগতে সমগ্ৰ জামুগুৰিহাট ৷ তাৰ পিচতেই দ্বিতীয় কাৰ্যসূচী হিচাপে ‘বাৰেচহৰ’ নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজোতি বৰাই (Souvenir of baresahariya bhaona) ৷

বিশিষ্ট সাংবাদিক নিত্য বৰা, বিশিষ্ট লেখিকা ড৹ স্বাধীনতা মহন্ত, উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকা মুখ্য অতিথি হিচাপে থকা উক্ত সভাখনিত বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি সাহিত্যিক ডাঃ বৰাই বাৰেচহৰীয়া ভাওনাক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈ ইয়াক সাংস্কৃতিক ক্ষেত্ৰখনক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিবলৈ উদ্যোক্তা ৰাইজক আহ্বন জনায় ৷ স্মৃতিগ্ৰন্থ উপ সমিতিৰ সম্পাদক বাসব ভূঞাই আঁতধৰা সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই নাৰায়ণ শইকীয়াই ৷

লগতে পঢ়ক : Baresahariya Bhaona 2023: ২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.