আজিৰে পৰা ধেমাজিত আৰম্ভ সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশন - AASKSU session
🎬 Watch Now: Feature Video
Published : Jan 5, 2024, 7:39 PM IST
ধেমাজি, ৫ জানুৱাৰী : শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বিবাৰ্ষিক অধিবেশন । বাটঘৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত ধেমাজি বাটঘৰীয়া শিঙিমাৰী ধনবৰচলা ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই অধিবেশন ৷ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত পুৱা মূল প্ৰৱেশদ্বাৰ উদঘাটন কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দীপাংকৰ সোণোৱালে ৷
পতাকা উত্তোলন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোণোৱালে ৷ আনহাতে, স্মৃতি তৰ্পন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দন কছাৰীয়ে ৷ দুপৰীয়া অনুষ্ঠিত হয় সোণোৱাল কছাৰীসকলৰ কৃষ্টি প্ৰদৰ্শন ৷
আনহাতে, শনিবাৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, ৭০০০ নাচনীৰে জনগোষ্ঠীটোৰ লেচেৰি নৃত্য প্ৰদৰ্শন আৰু দুপৰীয়া মুকলিসভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব ৷
লগতে পঢ়ক :নগাঁও জিলাৰ ননৈ ভেলাইগাঁৱত ঢেকীয়াপতীয়াৰ আতংক