Sonowal Kachari Youth and Cultural Festival: দুলীয়া-দাইনীজানত সোণোৱাল কছাৰী যুৱ ও সাংস্কৃতিক মহোৎসৱ - কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
জোনাই/ডিব্ৰুগড়, 24 মাৰ্চ : বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ ডিব্ৰুগড় দুলীয়া-দাইনীজানৰ হালালী সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ (Sonowal Kachari Youth and Cultural Festival) । জোনাইৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত বৃহস্পতিবাৰৰ পুৱা 8 বজাত মুখ্যদ্বাৰ উদঘাটন কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই । পুৱাৰ ভাগত মহোৎসৱৰ পতাকা উত্তোলন কৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে ৷ উদ্বোধনী অনুষ্ঠানত ১০০ গৰাকী সোণোৱাল জনজাতীয় শিল্পীয়ে পৰম্পৰাগত লেচেৰী বিহু প্ৰদৰ্শন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত বহুকেইটা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে ।
উল্লেখযোগ্য যে মহোৎসৱত সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক কাৰ্যসূচীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । পৰিষদৰ মুঠ ২৬ টা সমষ্টিত আয়োজন কৰা প্ৰাথমিক প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলে মহোৎসৱত নিৰ্দিষ্ট শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । সাংস্কৃতিক কাৰ্যসূচীৰ উপৰিও মহোৎসৱত ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছে উদ্যোগতাসকলে । সোণোৱাল কছাৰী জনগোষ্ঠীৰ ক্ৰীড়া প্ৰতিভা সম্পন্ন সকলক সুযোগ প্ৰদান কৰা আৰু প্ৰতিভাক চিনাক্তকৰণ কৰাও মহোৎসৱৰ অন্যতম লক্ষ্য হিচাপে লোৱা হৈছে । ক্ৰীড়াৰ ক্ষেত্ৰত ইতিমধ্যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠা সকলক মহোৎসৱত উদ্দীপনা বঁটাৰে সন্মানিত কৰা হ'ব ।
মহোৎসৱত কেৰিয়াৰ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰও অনুষ্ঠিত হ'ব । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু সফলতাৰ বাট' - এই বিষয়ত অংশগ্ৰহণ কৰিব ২০২০ চনৰ ভাৰতীয় প্ৰশাসনীয় পৰীক্ষাত ২৬ সংখ্যক স্থান লাভ কৰা আই এ.এছ বিষয়া পুলকিট সিঙে । দ্বিতীয়খন আলোচনা চক্ৰ হ'ব সোণোৱাল কছাৰী সংস্কৃতিৰ সংৰক্ষণ আৰু সংবর্ধন । এখনি বক্তৃতানুষ্ঠানো অনুষ্ঠিত হ'ব মহোৎসৱত । অসমৰ জনজাতিসকলৰ ভাষা-সাহিত্য চৰ্চা আৰু ইয়াৰ চেতনা প্ৰবাহ বিষয়ত বক্তৃতা প্ৰদান কৰিব সাহিত্যিক পেঞ্চনাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ সোণোৱালে ।
যুৱক-যুৱতী সকলৰ আত্মনিৰ্ভৰশীলতাৰ সহায়ক হোৱাকৈ জিলা বাণিজ্য কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হ'ব নটা বিষয়ত প্ৰায়োগিক প্ৰশিক্ষণ । সোণোৱাল কছাৰী সমাজৰ দুগৰাকী বিশিষ্ট সমাজ সংগঠক, সাংস্কৃতিক কর্মী যুগল শইকীয়া আৰু শিক্ষাবিদ, লেখক নন্দেশ্বৰ কছাৰীক মহোৎসৱতে প্ৰদান কৰা হ'ব সন্মানীয় গগন চন্দ্ৰ সোণোৱাল সোঁৱৰণী বঁটা । মহোৎসৱৰ ২৫ মাৰ্চৰ কাৰ্যসূচীত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহণ দপ্তৰ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ২৬ মাৰ্চৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । মহোৎসৱত অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলা, হস্ততাঁত, হস্তশিল্প সামগ্ৰীৰ মেলা আৰু জনগোষ্ঠীয় সংস্কৃতিও প্ৰদৰ্শিত হ'ব ।
লগতে পঢ়ক : Ashokastami Mela at Kaliabor: ১০২ সংখ্যক শিলঘাট অশোকাষ্টমী মেলাৰ আয়োজন