Rongali Bihu 2023: জোনাইৰ বলাইপাম গাঁৱৰ ঘৰে ঘৰে সোণোৱাল হুঁচৰিৰ দল - Rongali Bihu in Dhemaji
🎬 Watch Now: Feature Video
জোনাই, ১৬ এপ্রিল: ধেমাজি জিলাৰ জোনাইৰ বলাইপাম গাঁৱৰ ঘৰে ঘৰে সোণোৱাল হুঁচৰিৰ দলে হুঁচৰি পৰিৱেশন কৰি গৃহস্থৰ মংগল কামনা কৰে (Rongali Bihu in Dhemaji) ৷ অসমৰ বিভিন্ন জনগোষ্ঠীসকলেও নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি ৷ বাদ পৰি ৰোৱা নাই অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকল (Sonowal Bihu celebrated in Jonai) ৷ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ সোণোৱাল কছাৰীসকলেও উলহ-মালহেৰে সোণোৱাল হুঁচৰি গাই উদযাপন কৰিছে হিয়াৰ আমঠু বিহুটি ৷
জোনাইৰ বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে একেলগ হৈ শনিবাৰৰ পৰা মাৰিছে সোণোৱাল হুঁচৰি ৷ বলাইপাম গাঁৱৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিশেষকৈ পুৰুষসকলে এডাল বাঁহৰ লগতে ঢোল, তাল লৈ হুঁচৰি মাৰিবলৈ প্ৰৱেশ কৰে গাঁৱৰ প্ৰত্যেকৰে ঘৰত ৷ তাৰ পিচত পৰম্পৰা অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰৰ চোতালত পুতি প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠী লৈ বাঁহত বজাই বজাই সোণোৱাল হুঁচৰি গাই মতলীয়া হৈ পৰে ৷
হুঁচৰিৰ অন্তত গৃহস্থই বিহুৱা ডেকা, বয়োজ্যেষ্ঠসকলকৰ পৰা মংগল কামনা কৰি আগবঢ়ায় শৰাই ৷ তাৰ পিচতে সোণোৱাল হুঁচৰিৰ বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধিৰ কামনাৰে আশীৰ্বাদ দি বিদায় লয় ।