সোণাৰিত খেল মহাৰণ উদ্ধোধন কৰিলে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে - খেল মহাৰণ ২০২৩
🎬 Watch Now: Feature Video


Published : Dec 6, 2023, 10:50 PM IST
ডিব্ৰুগড়, 6 ডিচেম্বৰ : ৰাজ্য চৰকাৰে গ্ৰাম্য প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্যে ৰাজ্যজুৰি আৰম্ভ কৰিছে খেল মহাৰণ । যিহেতু অসমৰ হিমা দাস, লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াকে ধৰি বহুকেইগৰাকী খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত পদক জিনি বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । ইয়াৰ পাছতে চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ।
খেল মহাৰণৰ দৰে অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লোৱাৰ পাছতেই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা ওলাই আহিছে শ-শ খেলুৱৈ । সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিত আজিৰে পৰা আৰম্ভ হৈছে সমষ্টি ভিত্তিক “খেল মহাৰণ ২০২৩'' প্ৰতিযোগিতা । সেই উপলক্ষে চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা খেলপথাৰত আজি সোণাৰি বিধানসভা সমষ্টিভিত্তিত খেল মহাৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷
সোণাৰি সমষ্টিৰ ২১ খন গাঁও পঞ্চায়ত আৰু এখন নগৰ সমিতিৰ পৰা নিৰ্বাচিত প্ৰায় ৫৭৫২ গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । সোণাৰিত “খেল মহাৰণ ২০২৩'' প্ৰতিযোগিতা উদ্ধোধন কৰে চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ।
লগতে পঢ়ক : ছিপাঝাৰত খেল মহাৰণৰ সামৰণি, সামৰণি অনুষ্ঠাত বক্সাৰ শিৱ থাপা-মন্ত্ৰী পাটোৱাৰীৰ অংশগ্ৰহণ