Bonkim Saikia: শৰীৰচৰ্চা সম্পৰ্কে কি পৰামৰ্শ দিলে জনপ্ৰিয় ইউ টিউবাৰ-অভিনেতা বংকিম শইকীয়াই
🎬 Watch Now: Feature Video
সৰুপথাৰ, 31 অক্টোবৰ: নিজৰ ফিটনেছ তথা অভিনয়ৰ জৰিয়তে খুবেই চৰ্চিত বংকিম শইকীয়া ৷ প্ৰায়েই তেওঁ নিজৰ ইউটিউব চেনেল তথা বিভিন্ন সামাাজিক মাধ্যমৰ জৰিয়তে ফিটনেছৰ টিপছ দৰ্শকক আগবঢ়াই আহিছে ৷
ইফালে, মঙলবাৰে সৰুপথাৰত আয়োজিত এটি অনুষ্ঠানত উপস্থিত হয় জনপ্ৰিয় ইউ টিউবাৰ তথা বৰষুণ ধাৰাবাহিকৰ সুদৰ্শন অভিনেতা বংকিম শইকীয়া ৷ অভিনেতাজনে সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা এটি শৰীৰ চৰ্চা কেন্দ্ৰত উপস্থিত হৈ শৰীৰ চৰ্চাবিদ সকলৰ সৈতে সাক্ষাৎ কৰে আৰু এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় ৷
শৰীৰ চৰ্চা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী প্ৰবীৰ কুমাৰ তুৰুঙে আঁতধৰা মত-বিনিময় অনুষ্ঠানটোত অভিনেতা বংকিম শইকীয়াক ফিজিকেল ফিটনেচ সন্দৰ্ভত শৰীৰ চৰ্চাবিদসকলে নানান প্ৰশ্ন কৰে ৷ অভিনেতাজনেও প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিতংভাৱে বৰ্ণনা দি সকলোকে বুজাই দিয়ে ৷
তেখেতে কয় যে প্ৰত্যেকেই নিজৰ শীৰৰটোক ভাল পাব লাগে, যাতে নিজৰ শৰীৰটোৰ কোনোদিনে আনে যত্ন লবলগীয়া নহয় ৷ ইয়াৰ উপৰিও তেওঁ শৰীৰটো ফিট ৰখাৰ ক্ষেত্ৰত মানি চলিবলগীয়া বিভিন্ন উপায় আৰু নিয়মাৱলী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায় ৷ প্ৰথমবাৰৰ বাবে সৰুপথাৰলৈ আহি অভিনেতাজন অতিশয় আনন্দিত হয় আৰু ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠানত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
লগতে পঢ়ক: Hemoglobin Deficiency: খাওক আইৰণেৰে ভৰপূৰ এই 10বিধ খাদ্য; শৰীৰত কেতিয়াও নহয় হিম’গ্লবিনৰ অভাৱ