Amrit Kalash Yatra: বৰপেটাত অমৃত কলহৰ মাটি একত্ৰিত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:16 PM IST

বৰপেটা, ২ অক্টোবৰ : বৰপেটা জিলাত সোমবাৰে অমৃত কলহৰ মাটি একত্ৰিত কৰা হয় ৷ অমৃত কলহ যাত্ৰাৰ অংশ হিচাপে গাঁও আৰু পৌৰসভাৰ ৱাৰ্ডবোৰৰ পৰা বিগত দিনকেইটাত মানুহৰ ঘৰে ঘৰে সংগ্ৰহ কৰা মাটিবোৰ মেলেনিয়াম পাৰ্কত একলগ কৰা প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ।

ইয়াকে লৈ গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু পৌৰসভাৰ কাৰ্যালয়বোৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ঘৰে ঘৰে মাটি সংগ্ৰহ কৰা আত্মসহায়ক গোটবোৰে জাতীয় সাজপাৰ পৰিধান কৰি সমদল কৰি মাটিৰে পূৰ কৰা কলহবোৰ লৈ পৌৰসভা আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হয় । তাত কলহবোৰৰ মাটিবোৰ মিহলাই দুটা কলহত ভৰোৱা হয় । বৰপেটা পৌৰসভাৰ পৌৰপতি ছবিলাল দাসে কয় যে বৰপেটা জিলাৰ সকলো পৌৰসভা আৰু গাঁও পঞ্চায়তৰ মাটিবোৰ ভাগে ভাগে মিশ্ৰণ কৰা হ’ব । সৰ্বশেষত পৌৰসভাত জমা কৰা মাটিখিনি দুটা কাঁহৰ কলহত ভৰাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব ।

লগতে পঢ়ক : Amrit Kalash Yatra : অমৃত কলহ যাত্ৰা সন্দৰ্ভত বিৰোধীক তীব্ৰ গৰিহণা ভবেশ কলিতাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.