Protest against price hike:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সামাজিক সংগঠনৰ প্ৰতিবাদ - দুৰ্নীতি বিৰোধী যুৱ শক্তি
🎬 Watch Now: Feature Video
ডিফু, ১২ আগষ্ট : ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ যোগান মন্ত্ৰীৰ বিৰুদ্ধে শুকুৰবাৰে বোকাজানত সামাজিক সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম টাই আহোম ছাত্ৰ সন্থা আৰু কেএছএৰ যৌথ উদ্যোগত বোকাজানত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদকাৰী সকলে মূল্য বৃদ্ধিক লৈ আজি ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে হাতে হাতে প্লে’ কার্ড লৈ ৰাজ্য চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই, ৰঞ্জিত দাস মূর্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহৰ সদস্যসকলে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বোকাজানৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমীপত অসম চৰকাৰ তথা ৰাজ্যৰ যোগান মন্ত্ৰীক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক জিতু ফুকনৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা উল্লেখিত সংগঠনসমূহৰ সভাপতি, সম্পাদক আৰু আন আন সদস্য কৰ্মীসকলে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ