thumbnail

Snatcher caught in Tinsukia : তিনিচুকীয়াত হাতে-লোটে আটক এটা চিলনীচোৰ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:31 PM IST

তিনিচুকীয়া,৬ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে চিলনীচোৰৰ লগতে ধন লুটৰ ঘটনা ৷ শুকুৰবাৰে পুনৰ তিনিচুকীয়া চহৰত সংঘটিত হয় অনুৰূপ ঘটনা ৷ কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয় চোৰটোক ৷

ভুক্তভুগী অজয় শৰ্মাই জানিবলৈ দিয়া অনুসৰি, তিনিচুকীয়া চহৰৰ জি এন বি পথত কোনো লোকে তেওঁৰ শৰীৰত পিছফালৰ পৰা থু পেলাই দিয়া বুলি কয় আৰু চাফা কৰাৰ সময়তে ধন থকা বেগটো লৈ পলায়ন কৰে ৷ কিন্তু অজয় শৰ্মাৰ সাৱধানতা আৰু স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ খেদি খেদি কাঢ়ি লৈ যোৱা ৫০ হাজাৰ টকা ধনৰ সৈতে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় চোৰটোক ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ চোৰটোক সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ 

লগতে পঢ়ক : Protest at Sonari : প্ৰতিকূল বতৰকো নেওচি ন্যায্য প্ৰাপ্তিৰ দাবীত সোণাৰিত অংগনবাড়ী কর্মী-সহায়িকাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.