ৰঙিয়াত পুনৰ কাছসহ সৰবৰাহকাৰী আটক

By

Published : Sep 11, 2022, 9:37 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
ৰঙিয়াত বন্যপ্ৰাণী সৰবৰাহৰ ৰমৰমীয়া বেহা ৷ দেওবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই আজাৰৰ পৰা এটা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Smugglers arrested with tortoise at Rangia)। ৮ ছেপ্টেম্বৰত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্যপ্ৰাণী সৰবৰাহকাৰীৰ ৰঘু সিঙ আৰু কাৰ্তিকেয়নে (Karthikeyan) আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে আজাৰাৰ কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ ঘৰত অভিযান চলায় ৷ ৰঙিয়াৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চি আই ডি আৰু বন বিভাগৰ এটা দলৰ লগত চলোৱা অভিযানৰ সময়ত ঘৰটোৰ পৰা এটা কাছ আৰু বন্যপ্ৰাণী কঢ়িওৱা ১০ টা পিঞ্জৰা উদ্ধাৰ হয় । দুয়োটা সৰবৰাহকাৰীয়ে হিতেশ কুমাৰ দাসৰ ঘৰটো যোৱা তিনি মাহৰ পৰা ভাড়া লৈ আছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে । বন্যপ্ৰাণীসমূহ সৰবৰাহৰ বাবে দীঘলীয়া বাটৰ মাজতে জিৰণি লোৱাৰ লগতে জীৱ-জন্তুবোৰক খাদ্যৰ যোগান ধৰিবলৈ এই ঘৰটো ব্যৱহাৰ কৰা হৈছিল । আনহাতে যোৱা আগষ্ট মাহৰ ২৪ তাৰিখেও দুয়োটা সৰবৰাহকাৰীয়ে ৰঙিয়াৰ মাজেৰে বন্যপ্ৰাণী লৈ যোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰা কেংগেৰু আৰু চিম্পাঞ্জীসহ ৪১ টা বন্যপ্ৰাণীক আজাৰৰ এই ঘৰটোতেই খাদ্য খুৱাইছিল সৰবৰাহকাৰীয়ে । আজিৰ অভিযানত উদ্ধাৰ হোৱা কাছটো আৰক্ষীয়ে ইতিমধ্যে ৰানী বন বিভাগক গতাই দিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.