Drugs peddler detained: ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক - crime news
🎬 Watch Now: Feature Video


Published : Oct 9, 2023, 5:21 PM IST
মৰিগাঁও, 9 অক্টোবৰ : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই একাংশই ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ সোমবাৰে মৰিগাঁও জিলাৰ তেলাহিত ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক কৰা হৈছে ৷ আটকাধীন সৰবৰাহকাৰীটো হাফিজুল আলী বুলি জানিব পৰা গৈছে ৷
ৰাইজে কৰা অভিযোগ অনুসৰি তেলাহিৰ দৈনিক বজাৰত এটা ৰুম ভাৰাত লৈ ড্ৰাগছৰ এই ক’লা বেহা অব্যাহত ৰাখিছিল হাফিজুলে। আনকি তেলাহিৰ বিদ্যালয় সন্মুখত বহুদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি বিদ্যালয় ভিতৰতো ড্ৰাগছ সেৱন আৰু বেজী লোৱা প্ৰত্যক্ষ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।
অৱশেষত সোমবাৰে মৰিগাঁও জিলা ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত তেলাহিত কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰীটো। সম্প্ৰতি মৰিগাঁও আৰু ধৰমতুল আৰক্ষীয়ে হাফিজুল আলীক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: Crime in Nagaon:ধিঙত কুখ্যাত মাফিয়াসহ গ্ৰেপ্তাৰ ৫ তীৰৰ বুকি