thumbnail

বাক্সাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:42 AM IST

বাক্সা,৬ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ইফালে আৰক্ষীৰ নাকৰ তলেৰেই একাংশই চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ । এইবাৰ বাক্সাত চলিল ড্ৰাগছ বিৰোধী অভিযান । শুকুৰবাৰে বাক্সা জিলাৰ বৰমা আৰক্ষী চকীৰ অন্তৰ্গত বিহাৰী চ'কত বৰমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপু বৰাৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছসহ দুই যুৱকক আটক কৰে ।  

দুই যুৱকে ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ যোৱাৰ সময়তে আটক কৰে আৰক্ষীয়ে । বাইকত অহা যুৱকদ্বয়ৰ পৰা পাঁচটা কন্টেইনাৰত প্ৰায় এক গ্ৰাম ড্ৰাগছ জব্দ কৰে । আটকাধীন দুই যুৱক ক্ৰমে আলাগজাৰৰ বুবুল শৰ্মা আৰু মুৰমেলাৰ জ্ঞানদীপ ৰাজবংশী । বৰমা আৰক্ষীয়ে আটক কৰা দুই যুৱকক অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: ৰাজ্যত প্ৰতিবাদ-ধৰ্মঘট নিষিদ্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.