Cattle seized : জোনাইত অব্যাহত গৰুৰ চোৰাং সৰবৰাহৰ ৰমৰমীয়া বেহা - জোনাই আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:23 PM IST

জোনাই, 1 নৱেম্বৰ: চৰকাৰৰ গো-সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা ৷ বুধবাৰে অবৈধভাৱে কঢ়িওৱা গৰু ভৰ্তি এখন বাহন জোনাইত আৰক্ষীৰ জালত পৰে । জানিব পৰা মতে, জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা দৈনিক শ শ গৰু কোনো বৈধ নথি পত্ৰ নোহোৱাকৈ গাড়ীয়ে গাড়ীয়ে সৰবৰাহ কৰিছে একাংশ গো-মাফিয়াই ।

জোনাই আৰক্ষী থানাৰ সমুখতে জোনাই আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দিনৰ ভাগতে অনুমতিবিহীনভাবে সৰবৰাহ কৰা হৈছে দৈনিক শ শ গৰু । জোনাই আৰক্ষীৰ জালত পৰা লোকজন অজাৰ আলি বুলি জানিব পৰা গৈছে । AS-07-AC 8737 নম্বৰৰ পঞ্জীয়নযুক্ত এখন বলেৰ’ পিক আপ-ভানেৰে চোৰাংকৈ 8 টা গৰু বহিঃৰাজ্যত বিক্ৰীৰ বাবে নি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক জনায় ৷

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অজাৰ আলি ৷ 

লগতে পঢ়ক: Scam In Distribution Of PDS Rice : সুলভ মূল্যৰ চাউল হৰলুকি কৰি এজেণ্ট ৰাইজৰ ৰোষত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.