thumbnail

By

Published : Apr 1, 2023, 1:33 PM IST

ETV Bharat / Videos

Cattle Syndicate : নৈশবাছত যাত্ৰীৰ ৰূপত গৰু, জখলাবন্ধাত ২০ টা চোৰাং গৰু জব্দ

কলিয়াবৰ, 1 এপ্ৰিল: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা (Cattle syndicate in assam)৷ যি সময়ত চৰকাৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰি অবাধে চলা গৰুৰ সৰবৰাহ বন্ধ কৰিছে, তেনে সময়তে ৰাজ্যত একাংশ গো-মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে গৰুৰ ছিণ্ডিকেট ৷ ভিন্ন সময়ত ন ন কৌশলেৰে অসাধু চক্ৰই চলাইছে এই বেহা (Cattle Syndicate in Assam)৷  

শেহতীয়াকৈ জখলাবন্ধাত চিপচ্‌ৰ পেকেট আৰু পানী বটলৰ তলত অবৈধভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰাৰ লগতে সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পাছত আজি পুৱা পুনৰ নৈশ বাছত চোৰাংকৈ সৰবৰাহ কৰা বহু সংখ্যক গৰু জব্দ কৰে আৰক্ষীয়ে(Cattle Seized from Passenger Bus) ৷ বাগৰি আৰক্ষী চকীৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে এখন নৈশ বাছৰ পৰা জব্দ কৰে গৰুখিনি(Cattle Seized from Passenger Bus at Jakhalabandha) ৷

ঘটনা অনুসৰি গোপন সূত্ৰে গোলাঘাটৰ পৰা প্ৰতাপ নামৰ এখন নৈশ বাছত ২০ টাকৈ গৰু কঢ়িয়াই অনাৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাছতেই পুৱা প্ৰায় ৪:৩০ বজাত জখলাবন্ধ আৰক্ষীয়ে চলোৱা অভিযানত এ ছ ০১ ডি চি ৪৪৪২ নম্বৰৰ প্ৰতাপ নামৰ নৈশ বাছখনৰ পৰা ২০টা চোৰাংকৈ সৰবৰাহ কৰা গৰু জব্দ কৰে আৰক্ষীয়ে (Smuggled cattle seized in Jakhalabandha)৷

অৱশ্যে বাছখনৰ চালক আৰু হেণ্ডিমেন সুযোগ বুজি পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ (Cattle smuggling in Assam) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.