SMSS Protest at Simen Chapori : চিমেন চাপৰিত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ - Protest at Simen Chapori in Jonai
🎬 Watch Now: Feature Video
জোনাই, 8 জুলাই : সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ চিমেন চাপৰিৰ মাজমজিয়াত সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মী সমবেত হৈ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷
মুখ্যমন্ত্ৰী মুৰ্দাবাদ, যোগান মন্ত্ৰী হায় হায়, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক, বিজেপি চৰকাৰৰ কাম নাই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে চিমেন চাপৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে কয় যে, ফেচিষ্ট চৰকাৰখনে অসমৰ জনসাধাৰণৰ ওপৰত অৰ্থনৈতিক বোমা নিক্ষেপ কৰিছে ৷ মূল্যবৃদ্ধিৰ ওপৰত ৰাইজক তুচ্ছ-তাচ্ছিল্য কৰা অকৰ্মণ্য যোগান মন্ত্ৰীয়ে শীঘ্ৰেই পদত্যাগ কৰক বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
জনতাৰ তেজ শুহি খোৱা বিজেপি চৰকাৰক যিকোনো মূল্যৰ বিনিময়ত উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ৷ সমগ্ৰ অসমৰ ৰাইজ আজি বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে বুলি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সহঃ সম্পাদক লক্ষ্য চেতিয়া আৰু ক্ৰীড়া সম্পাদক খগেন বৰগোহাঁইয়ে ৷
লগতে পঢ়ক: Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ