Constituency delimitation 2023 : শিৱসাগৰত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - আমগুৰি সমষ্টিৰ বিলুপ্তিকৰণ
🎬 Watch Now: Feature Video
শিৱসাগৰ, 10 জুলাই : শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰাক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ । আমগুৰি সমষ্টিৰ বিলুপ্তিকৰণ আৰু শিৱসাগৰ সমষ্টিৰ জনগাঁঠনিৰ ব্যাপক সাল-সলনি কৰাক লৈ শিৱসাগৰৰ দ’লমুখ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি খচৰা বাতিলৰ দাবী জনায় ।
শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থকে হাতত বেনাৰ-ফেষ্টুন লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰস্তাৱিত খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে বিনা কাৰণত গণতান্ত্ৰিক আন্দোলনত বাধা প্ৰদান কৰাৰ অভিযোগ আনিছে ছাত্র মুক্তিয়ে । আৰক্ষীয়ে প্ৰতিবাদকাৰীক শাৰিৰীকভাৱে বাধা প্ৰদান কৰাৰ লগতে গণতান্ত্ৰিক পদ্ধতিৰে কৰা আন্দোলনৰ ওপৰত উদ্দেশ্য প্ৰণোদিতভাৱে আৰক্ষী জপিয়াই পৰাৰ অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক : Dulu Ahmed slams Bhabesh Kalita : বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে সৰৱ অজাপ নেতা দুলু আহমেদ