নিৰীহ অসমীয়া যুৱকক বলিৰ পঠা সজাব নালাগে : ছাত্ৰ মুক্তি - আৰক্ষী সঞ্চালক প্ৰধান
🎬 Watch Now: Feature Video


Published : Dec 24, 2023, 7:55 PM IST
বিশ্বনাথ, 23 ছেপ্টেম্বৰ : দেওবাৰে আলফা (স্বা) ৰ সন্দেহত শদিয়াৰ তিনি যুৱকলৈ গুলীবৰ্ষণ কৰে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত আহত হয় তিনিগৰাকীকৈ যুৱক ৷ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ইফালে এই সমগ্ৰ ঘটনাটো অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা স্বাধীনৰ মাজত চলি থকা বাকযুদ্ধৰ ফলতেই হোৱা বুলি উল্লেখ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে ৷
ৰাহুল চেত্ৰীয়ে কয় "আমি কেতিয়াও এনকাউণ্টাৰ সমৰ্থন নকৰো আৰু আলফাকো সমৰ্থন নকৰো ৷" তেওঁ কয় যে, অসমীয়া যুৱক-যুৱতী আলফালৈ যোৱাটো সমৰ্থন কৰিব নোৱাৰি ৷ যি সকলে নিজৰ ভাষাক ভাল পায়, জাতিক ভাল পায় তেওঁলোকে অসমতে থাকি অন্য পন্থাৰে কাম কৰক বুলি কয় তেওঁ ৷ লগতে আলফা (স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুঁতিলৈ উভতি আহি অসমৰ হকে কাম কৰিবলৈ আহ্বান ৰাহুল চেত্ৰীৰ ৷
লগতে পঢ়ক : বিজেপি দলক গুণ্ডাৰ দল আখ্যা তৃণমূল কংগ্ৰেছৰ