Protest against Ajmal’s comment : 24 ঘণ্টাৰ ভিতৰত আজমলক ক্ষমা খোজাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - 24 ঘণ্টাৰ ভিতৰত আজমলক ক্ষমা খোজাৰ দাবী
🎬 Watch Now: Feature Video


Published : Oct 22, 2023, 2:20 PM IST
বিলাসীপাৰা, 22 অক্টোবৰ: ধুবুৰীৰ ৰাইজৰ প্ৰতিবাদ আজমলৰ বিৰুদ্ধে । ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ বিলাসীপাৰাত ক্ষুব্ধ দল-সংগঠন । সোনামুখী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আজমলৰ পুত্তলিকা দাহ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । 24 ঘণ্টাৰ ভিতৰত আজমলে ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰিলে চিৰদিনৰ বাবে ধুবুৰীত আজমলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিব বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়নি প্ৰদান কৰে ।
উল্লেখ্য যে, এদিন পূৰ্বে গোৱালপাৰা জিলাৰ দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত সমগ্ৰ মুছলমান জাতিক তুচ্ছ-তাচ্ছিল্য কৰি চৰম অপমানজনক মন্তব্য কৰিছিল ধুবুৰীৰ সাংসদ তথা AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে । চুৰি, ডকাইতি, হত্যা, ধৰ্ষণত মুছলমান প্ৰথম বুলি প্ৰদান কৰা সাম্প্ৰদায়িক মন্তব্যত বৰ্তমান ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে সৰ্বসাধাৰণ জনতা ।
শীঘ্ৰে ক্ষমা নিবিচাৰিলে আগন্তুক দিনত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব বুলি সাংসদ আজমলক সকীয়নি প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।