Slow loris rescued: কলিয়াবৰত দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ

By

Published : May 10, 2023, 10:30 PM IST

thumbnail

কলিয়াবৰ, 10 মে’: কলিয়াবৰৰ বৰভগীয়াত দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ উদ্ধাৰ ৷ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থকা অৱস্থাত স্থানীয় কেইজনমান যুৱকে উদ্ধাৰ কৰে বান্দৰটো ৷ দুষ্প্ৰাপ‍্য লাজুকী বান্দৰটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে যুৱককেইজনে (Slow Loris Rescued at Kaliabor) ৷

পুৱাই প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই লাজুকী বান্দৰটো উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত মুকলি কৰি দিয়ে ৷ লাজুকী বান্দৰ প্ৰধানত ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি ৷ সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত (Slow loris rescued) ৷  

লাজুকী বান্দৰ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত ৷ তদুপৰি 2008 চনৰ ৰাষ্ট্ৰসংঘৰ আই. ইউ. চি. এন (IUCN)ৰ ৰেড ডাটা লিষ্টত লাজুকী বান্দৰক বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে ৷ চোৰাং চিকাৰ তথা বনাঞ্চল ধ্বংসই লাজুকী বান্দৰ বিলুপ্তিৰ বাবে জগৰীয়া ৷

লগতে পঢ়ক: Water crisis in Assam: পানীৰ তীব্ৰ সংকটৰ সন্মুখীন ডিমা হাছাওবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.