Slow Loris rescued: জোনাই ১ নং চন্তপুৰ গাঁৱৰ পাৰ দুষ্পাপ্য লাজুকী বান্দৰ উদ্ধাৰ - পবা সংৰক্ষিত বনাঞ্চল
🎬 Watch Now: Feature Video
Published : Sep 18, 2023, 4:54 PM IST
জোনাই, 18 ছেপ্টেম্বৰ : জোনাই বন বিভাগৰ সফলতা ৷ সোমবাৰে জোনাইত বন বিভাগৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটা লাজুকী বান্দৰ ৷ জোনাই মহকুমাৰ অন্তৰ্গত 1 নং চন্তপুৰ গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য বান্দৰটো ৷ জানিব পৰা মতে 1 নং চন্তপুৰ গাঁৱৰ এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ আছিল লাজুকী বান্দৰটোৱে ৷
এই কথা গাৱঁৰ ৰাইজে অৱগত হোৱাৰ পাচতে জোনাই বন বিভাগক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত জোনাই বনাঞ্চলিকৰ বন বিভাগৰ কৰ্মচাৰীয়ে উক্ত স্থানত উপস্থিত হয় ৷ তাৰ পাচতে ৰাইজৰ সহযোগত লাজুকী বান্দৰটোক উদ্ধাৰ কৰে বন বিভাগৰ কৰ্মীয়ে ৷ উদ্ধাৰ কৰা লাজুকী বান্দৰটো পৰৱৰ্তী সময়ত পবা সংৰক্ষিত বনাঞ্চলৰ লেকু খণ্ডত পুনৰ মুকলি কৰি দিয়ে বন বিভাগৰ কৰ্মচাৰীয়ে ৷