thumbnail

By

Published : Jun 20, 2023, 6:33 PM IST

ETV Bharat / Videos

Kalaguru Bishnu Prasad Rabha: ৰাভা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়াত 'অযান্ত্ৰিক' নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ৰঙিয়া, 20 জুন : ৰাভা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়াত 'অযান্ত্ৰিক' নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ । ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ তলত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সু-বিশাল প্ৰতিচ্ছবি অংকন কৰে এই চিত্ৰশিল্পীৰ দলটোৱে ।

২৪ ফুট উচ্চ আৰু ৩২ ফুট বহল আকাৰৰ এই কলাগুৰুৰ প্ৰতিচ্ছবি অংকনে আকৰ্ষিত কৰিছে ৰাইজক । প্ৰতিভাসম্পন্ন ছয়গৰাকী যুৱ চিত্ৰশিল্পীয়ে ৪ দিনৰ ভিতৰত অশেষ কষ্টৰে এই প্ৰতিচ্ছবিখন অংকন কৰি তুলিছে বুলি জানিবলৈ দিয়ে ।

অযান্ত্ৰিক নামৰ এই গোটটোৰ ছয় যুৱশিল্পী হৈছে কপিল, প্ৰাঞ্জিত, বেদান্ত, পৰাগ, ৰফিউল আৰু নজৰুল । ইয়াৰ পূৰ্বেও এই দলটোৱে ৰঙিয়াৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে অসমৰ স্বনামধন্য শিল্পীৰ প্ৰতিচ্ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে ।

লগতে পঢ়ক : Bishnu Rabha Divas Celebrated in Morigaon : ৫৪ সংখ্যক মৃত্যুতিথিত মৰিগাঁৱত বিষ্ণু ৰাভাক স্মৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.