Cattle killed in car collision: গাড়ীৰ খুন্দাত নিহত ৬ টাকৈ গৰু - Six cattle were killed in a car collision
🎬 Watch Now: Feature Video
গোলাঘাট, ২৭ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ মৰঙিৰ ঢুলীয়া গাঁৱত শোকাৱহ ঘটনা । তীব্ৰবেগী বাহনৰ খুন্দাত একেলগে নিহত ৬ টাকৈ গৰু (6 cows killed in car crash)। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হয় এই ঘটনা । ডিমাপুৰলৈ গৰুকেইটা লৈ গৈ থকাৰ সময়তে বাহনৰ খুন্দাত নিহত হয় গৰুকেইটা । দুটা গৰু গুৰুতৰভাৱে আহত হয় যদিও চিকিৎসাৰ অভাৱত সেইকেইটাৰো মৃত্যু হোৱাৰ আশংকা কৰিছে ৰাইজে ।
জানিব পৰা মতে নিশা বিহৰা বজাৰৰ পৰা ডিমাপুৰ অভিমুখী পথেৰে গৰুকেইটা লৈ গৈ আছিল কেইজনমান লোকে । তেনে সময়তে তীব্ৰবেগী এখন চাৰিচকীয়া বিলাসী বাহনে মহতিয়াই লৈ যায় গৰুকেইটাক (Cattle death after car hits)। বাহন খনৰ নম্বৰ AS-05-K-2979 বুলি জানিব পৰা গৈছে । ইফালে গৰু খেদি লৈ যোৱা লোককেইজন কথমপি ৰক্ষা পৰে বুলি স্থানীয় লোকে জনাইছে । ইয়াকে লৈ অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় (Golaghat accident) ৷
ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে নুমলীগড়, বিহৰা আদিৰ পৰা একাংশ দুষ্টচক্ৰই অবৈধভাৱে গোধন সৰবৰাহ কৰি আহিছে । পূৰ্বে দিনৰ ভাগতো গৰু ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছিল । এই সন্দৰ্ভত পূৰ্বে বাতৰিও সম্প্ৰচাৰ হৈছিল । যাৰ বাবে গোলাঘাট আৰক্ষীয়ে তৎপৰতাৰে কেইবাজনো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল (Cattle syndicate in Golaghat)।
কিন্তু অভিযোগ অনুসৰি আৰক্ষী আৰু প্ৰশাসনক মেনেজ কৰি নিশাৰ আন্ধাৰতো পুনৰ গোধনৰ সৰবৰাহ আৰম্ভ হৈছে ৷ অৱশ্যে এয়া গৰুৰ অবৈধ সৰবৰাহৰ ঘটনা নে কি সেয়া আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব । কিন্তু নিশা এনেদৰে বহু গৰু একেলগে লৈ যোৱাত স্থানীয় লোকে বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে ।
কিন্তু একেলগে ৬ টাকৈ গৰু এনেদৰে নিধন হোৱাত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । ইফালে দুৰ্ঘটনাটো নিশাই সংঘটিত হৈছিল যদিও পুৱা বহু পলমকৈ প্ৰশাসনৰ লোক উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে স্থানীয় লোকসকলক ।
লগতে পঢ়ক :Public attack forest officer : বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ স্থানীয় ৰাইজৰ