AEC Students Killed in Road Mishap: নিমিষতে ছাৰখাৰ হ’ল কৌশিকৰ পৰিয়ালৰ সপোন - গুৱাহাটীৰ জালুকবাৰী পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video
শিৱসাগৰ, ২৯ মে': গুৱাহাটীৰ জালুকবাৰী পথ দুৰ্ঘটনাই কালনিশা নমাই আনিলে শিৱসাগৰৰ এটি পৰিয়াললৈ ৷ এই দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি লয় জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত কৌশিক মহনে (Sivasagar youth dies in Guwahati road accident) ৷ কৌশিক শিৱসাগৰ পাটসাঁকো লাইপালেঙৰ মাধৱ মহন আৰু মনীলা মহনৰ জ্যেষ্ঠ সন্তান ৷
কৌশিকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাচতেই শোকাকুল পৰিবেশৰ সৃষ্টি হয় শিৱসাগৰৰ বাসগৃহত ৷ পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাচতেই শোকত বিহ্বল হৈ মূর্ছা যায় মাতৃ । ইফালে ছাত্ৰজনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই কোনেও । নিশা কেনেদৰে ছাত্ৰকেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা ওলাই যাব পাৰিলে ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছে কৌশিকৰ আত্মীয়ই ৷
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ সুৰক্ষা ব্যৱস্থাক লৈ সন্দেহ ব্যক্ত কৰিছে কৌশিকৰ পৰিয়ালৰ লোকে ৷ এই ক্ষেত্ৰত সকলো দিশ পৰ্যবেক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কৌশিকৰ পৰিয়াল তথা আত্মীয়ই (AEC Students Killed in Road Mishap in Jalukbari), যাতে ভৱিষ্যতে কোনো ছাত্ৰৰ লগত এনে ঘটনা সংঘটিত নহয় ৷
লগতে পঢ়ক: AEC Students Killed in Road Mishap: ৰাজকিৰণ ভূঞাৰ মাজুলীৰ বাসগৃহত শোকাকুল পৰিবেশ