মৰাণত মাছৰ বজাৰত বিহু জুৰিলে বিপিন চাউদাঙে

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 4:48 PM IST

thumbnail

মৰাণ,১৪ জানুৱাৰী: আজি মাঘ বিহুৰ উৰুকা । উৰুকাৰ আয়োজনত ব্যস্ত সমগ্ৰ ৰাজ্যবাসী । বজাৰ ভৰি পৰিছে ভোগৰ সামগ্ৰীৰে । সমগ্ৰ ৰাজ্যৰ লগতে মৰাণতো ভোগালীৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে । পুৱাতে অঞ্চলটোৰ বিভিন্ন বজাৰৰ সমান্তৰালকৈ মৰাণৰ দৈনিক বজাৰটো দেখা যায় ব্যাপক ভিৰ । বিশেষকৈ মাছ-মাংসৰ বজাৰত অগণন লোকৰ সমাগম পৰিলক্ষিত হৈছে । সকলোৱে পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ লগাইছে হেতা-ওপৰা ।

উৰুকাত তৃপ্তিৰে এসাঁজ খোৱাৰ মানসেৰে মাছৰ বজাৰলৈ আহি শিল্পী বিপিন চাউদাঙে জুৰিলে বিহু গীত । শিল্পীজনৰ নতুনকৈ মুক্তি পোৱা মইনা কলিজা গীতটোৱে ৰাইজৰ মন জয় কৰিব বুলি আশাবাদী শিল্পী বিপিন চাউদাং । শিল্পীজনে এই বজাৰৰ পৰাই অসমবাসী ৰাইজলৈ জ্ঞাপন কৰে ভোগালী বিহুৰ শুভেচ্ছা । 

লগতে পঢ়ক: মহানগৰীত ভোগালী বিহুৰ আনন্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.