Patharquerry Bohagi Utsav: পাথৰ কুৱেৰীৰ ব’হাগী উৎসৱৰ সংস্কৃতিক শোভাযাত্ৰাত মূৰ্তমান জাতি-জনগোষ্ঠীৰ লোক নৃত্য
🎬 Watch Now: Feature Video
গুৱাহাটী, ২৭ এপ্ৰিল : আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পাথৰকুৱেৰীস্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ কৰা হৈছে পাথৰ কুৱেৰী ব’হাগী উৎসৱ উদযাপন সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ (Silver Jubilee Year of Patharquerry Bohagi Utsav ) । উদযাপন সমিতিৰ সভাপতি ধৰ্মকান্ত ডেকাই বিহুৰ পতাকা উত্তোলন কৰাৰ পিচত আৰম্ভ হয় ৰূপালী জয়ন্তী বৰ্ষৰ বিহুৰ বিভিন্ন কাৰ্যসূচী ( Patharquerry Bohagi Utsav Celebration Committee)। ইয়াৰ পিচতে উদযাপন সমিতিৰ সভাপতিক লগত লৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত লোক বাদ্য, সাজ পাৰ পৰিধানেৰে পৰিবেষ্টিত এক বিশাল সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।
সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে ৫২ নং ৱাৰ্ডৰ পাৰিষদ গোকুল গোস্বামীয়ে । ইয়াৰ পূৰ্বে ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৰূপালী জয়ন্তীত ২৫ খনকৈ পতাকা উত্তোলন কৰে । দিনৰ ভাগত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয় । নিশাৰ ভাগলৈ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈৰ সংগীত অনুষ্ঠান আৰু অসম ভিত্তিত বিহু হুঁচৰি প্ৰতিযোগিতা হ’ব আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ ।
লগতে পঢ়ক : Sushmita Dev on Angkita Dutta: অংকিতা দত্তক কিয় সাৱধান হ’বলৈ সকীয়ালে সাংসদ সুস্মিতা দেৱে ?