Protest in Guwahati : ৰঙালী বিহুৰ প্রাক্ ক্ষণত চচলত অনশনত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজ

By

Published : Apr 13, 2023, 9:03 PM IST

thumbnail

গুৱাহাটী, ১৩ এপ্ৰিল: অসমবাসী ৰাইজে হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে ব্যস্ত হৈ থকাৰ সময়তে এইবাৰ নিজৰ বাসস্থান বিচাৰি গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলী কঁপাইছে শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ (Protest against Silsako eviction Drive)। বৃহস্পতিবাৰৰ পৰা চচলত দুদিনীয়া কাৰ্যসূচীৰে অনশনত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজে । 

শিলসাঁকো বিল বেদখল মুক্ত কৰাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে চলোৱা উচ্ছেদত গৃহহীন লোকসকলে শিলসাঁকোৰ উচ্ছেদিত স্থানতে অতিশীঘ্ৰে পুনৰ সংস্থাপন, ক্ষতিপূৰণৰ লগতে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে (Silsako eviction Drive victims protest)।

হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ বহিৰাগত বনিয়াক নহয়, থলুৱাক মাটি দিয়ক, উচ্ছেদিত ৰাইজক একে স্থানতে মাটি দিয়ক, থলুৱাক উচ্ছেদ কৰা অসম চৰকাৰ হায় হায়, আমাৰ মাটি আমাৰ অধিকাৰ, চৰকাৰে উচ্ছেদ বন্ধ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে উচ্ছেদিত লোকসকলে । 

শিলসাঁকো বিলৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকসকলক চৰকাৰে উচ্ছেদ চলোৱাৰ পিচত চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ সংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ শিলসাঁকোৰ উচ্ছেদিত লোকসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই তেওঁলোকৰ লগত আন্দোলনত বহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ 

লগতে পঢ়ক: Folk instruments of Assam : পৌৰাণিক লোকবাদ্য প্ৰচাৰৰ চেষ্টা দুই সংস্কৃতি সাধকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.