thumbnail

By

Published : Aug 15, 2023, 5:01 PM IST

ETV Bharat / Videos

Silsako Eviction: চচলত ক’লা বেজ পৰিধান কৰি শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ

গুৱাহাটী, 15 আগষ্ট: দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোক ক’লা দিৱস হিচাবে পালন গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ ৷ মঙলবাৰে দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী বৰ্জন কৰি ক’লা বেজ পৰিধান কৰি চচলত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷  

ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিলসাঁকোৰ উচ্ছেদিতসকলে ৷ উল্লেখ্য যে শিলসাঁকোৰ পাৰৰ উচ্ছেদিত লোকসকলে তেওঁলোকক পুনৰ সংস্থাপন প্ৰদান কৰা আৰু উচ্ছেদ অভিযান স্থায়ীভাৱে বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ বিভিন্ন সময়ত তেওঁলোকে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে বৰ্তমানলৈকে কোনো সঁহাৰি প্ৰদান কৰা নাই ৷  যাৰ বাবে স্বাধীনতা দিৱসৰ দিনটোতো এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে শিলসাঁকোৰ উচ্ছেদিতই ৷

লগতে পঢ়ক: BJP Ex Leader Anurag Chaliha Arrested: বহিষ্কৃত বিজেপি সদস্য অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.