thumbnail

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 11:56 AM IST

ETV Bharat / Videos

BJP booth meeting : প্ৰস্তাৱিত মৰিয়নি সমষ্টিৰ বুথে বুথে শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তী

টীয়ক, ৯ নৱেম্বৰ : মৰিয়নীত উপস্থিত শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰস্তাৱিত মৰিয়নী সমষ্টিৰ তত্বাৱধায়ক হিচাপে মৰিয়নীত উপস্থিত শিলচৰৰ বিধায়ক চক্ৰৱৰ্তী ৷ তাৰ পাচত মৰিয়নী সমষ্টিৰ বুথসমূহত সভা আয়োজন কৰি প্ৰাথমিক সদস্যসকলৰ সৈতে তেওঁ মত বিনিময় কৰে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নিৰ্দেশত দলীয় সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে সকলোকে তেওঁ আহ্বান জনায় ।

ইতিমধ্যে প্ৰস্তাৱিত মৰিয়নীৰ চেলেংহাট আৰু মৰিয়নী মণ্ডলৰ প্ৰায়বোৰ বুথতে সভা অনুষ্ঠিত কৰা হৈছে ৷ বুধাবাৰে কলিয়াপানী মণ্ডলৰ অন্তৰ্গত কেইবাখনো বুথ সভাত ভাগ লয় বিধায়ক চক্ৰৱৰ্তীয়ে ৷ জানিব পৰা মতে, তেওঁ তিনিদিনত মুঠ ৪৩ খন বুথৰ প্ৰাথমিক সদস্যৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

দিপাৱলীৰ পাচত অৰ্থাৎ নৱেম্বৰ মাহৰ ভিতৰত সকলো বুথতে সভা অনুষ্ঠিত কৰি দলীয় সাংগঠনিক ভেঁটি টনকীয়াল কৰিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । বুথধবাৰে আয়োজিত উক্ত কাৰ্যসূচীত কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰাই বিধায়কগৰাকীক সংগ দিয়ে ।

লগতে এই সভাসমূহে আগন্তুক দিনত কৰ্মীসকলক অধিক উৎসাহিত কৰাৰ লগতে অহা ২৪ ৰ নিৰ্বাচনত জয়ী হোৱাত ই সহায়ক হ’ব বুলিও আশা প্ৰকাশ কৰে শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তীয়ে ৷

লগতে পঢ়ক : Laikhuta of Kopar Chapori Middle School : গুমৰাগৰ ধ্বনিত মুখৰ লখিমপুৰৰ ঘুনাসূতি 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.