Silapathar man missing : কেৰালালৈ যোৱাৰ পথত বিগত 17 দিনে সন্ধানহীন চিলাপথাৰৰ সুমন্ত শীল

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 12:09 PM IST

thumbnail

জোনাই, 3 অক্টোবৰ : 19 ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে চিলাপথাৰৰ সমীপৰ নিতাই শীলৰ পুত্ৰ সুমন্ত শীল ৷ জানিব পৰা মতে, 16 ছেপ্টেম্বৰৰ পুৱা কৰ্ম সংস্থাপন বিচাৰি কেৰালালৈ ওলাই গৈছিল 35 বছৰীয়া সুমন্ত শীল ৷ 19 ছেপ্টেম্বৰৰ দিনা অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ৰে’লৱে ষ্টেচনৰ পৰা পত্নীক ফোনযোগে কয় যে পুলিচৰ পোছাকত অহা কোনো অচিনাকী লোকে তেওঁক বিনা কাৰণত ৰে’লৰ পৰা নমাই এখন বাহনত লৈ গৈছে ৷

তেতিয়াৰ পৰাই সুমন্তৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ ইফালে এই সন্দৰ্ভত সুমন্ত শীলৰ পত্নী আৰু পৰিয়ালৰ লোকে চিলাপথাৰ আৰক্ষীক অৱগত কৰে ৷ কিন্তু এই ঘটনাৰ বিষয়ে জ্ঞাত হৈয়ো আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

উপায়ন্ত হৈ সুমন্ত শীলৰ পত্নীসহ তিনি কন্যাৰ লগতে বৃদ্ধ মাতৃয়ে সংবাদ মাধ্যমৰ যোগেদি ৰাইজৰ সহায় বিচাৰিছে । যদি কোনো লোকে সুমন্ত শীলক দেখা পাই, তেন্তে 8638701827/9678386262 নম্বৰ অন্যথা আৰক্ষীক যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : Minor boys missing : ধনশিৰিত শিক্ষকৰ ঘৰৰ পৰা সন্ধানহীন দুই শিশু আৰু এটি কিশোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.