বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ ব্যক্তি

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 1:02 PM IST

thumbnail

জোনাই,৯ ডিচেম্বৰ: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন চিলাপথাৰ মাজগাঁৱৰ এজন ব্যক্তি। জানিবপৰামতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁৱৰ মহেন্দ্ৰ বৰাই যোৱা ৩০ নবেম্বৰত কেৰালালৈ কৰ্মসংস্থাপন বিচাৰি ওলাই গৈছিল। পৰিয়ালৰ সমস্যাক বুকুত বান্ধি দুটকা উপাৰ্জনৰ উদ্দেশ্যৰে পত্নী, সন্তানক ঘৰত এৰি ৩০ নৱেম্বৰ তাৰিখে নিশা ৭:৩০ বজাত ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰী অভিমুখে যাত্ৰা কৰা ট্ৰেইনত গৈ আছিল মহেন্দ্ৰ বৰা ।  

২ ডিচেম্বৰৰ সন্ধিয়া ৬ মান বজালৈকে ঘৰৰ লগত ফোনত যোগাযোগ কৰিছিল ৷ কিন্ত হঠাৎ এই দিনটোৰ নিশাৰ ভাগৰপৰা আজি এসপ্তাহ ধৰি যোগাযোগ বিচিন্ন হোৱাত পৰিয়ালৰ মাজত এতিয়া হুৱাদুৱা পৰিৱেশে বিৰাজ কৰিছে। বহিঃৰাজ্যৰ বহু ঠাইত যোগাযোগ কৰিছে যদিও কোনো খবৰ লাভ নকৰাত চিলাপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি অসম চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে । 

লগতে পঢ়ক: জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৮ জানুৱাৰী পৰ্যন্ত নাম অন্তৰ্ভুক্ত-শুধৰণিৰ সময়সীমা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.