Assam Constituency delimitation : পাপৰ ফল ভুগিছে বিধায়ক প্ৰদীপ হাজৰিকাই !

By

Published : Jul 1, 2023, 2:24 PM IST

thumbnail

আমগুৰি, 1 জুলাই: ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এইবাৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় আক্ৰমণাত্মক হৈ পৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৷ হিমন্ত বিশ্ব শৰ্মাই প্ৰদীপ হাজৰিকাক ৰাম ঠগন দিলে বুলি কয় বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ৷ 

তদুপৰি, প্ৰদীপ হাজৰিকাই পাপৰ ফল ভুগিছে বুলি উল্লেখ কৰি কা আন্দোলনৰ সময়ত পঞ্চ শ্বহীদৰ ত্যাগক ভৰিৰে মোহাৰি বিজেপিৰ নেগুৰত ধৰি বিধায়ক হোৱাৰ ফল বিধায়ক প্ৰদীপ হাজৰিকাই পাইছে বুলি কয় শৃংখল চলিহাই ৷ শুকুৰবাৰে আমগুৰিৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত এক সভাত এই মন্তব্য আগবঢ়ায় সংগ্ৰামী নেতা শৃংখল চলিহাই । 12 টা বিৰোধী ঐক্যমঞ্চই অংশগ্ৰহণ কৰিছিল উক্ত সভাখনত ।

লগতে পঢ়ক :  Bodoland University Controversy: স্নাতক শিক্ষাৰ্থীয়ে অসমীয়া ভাষাতেই লিখিব পাৰিব পৰীক্ষাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.