thumbnail

By

Published : Feb 28, 2023, 1:15 PM IST

ETV Bharat / Videos

Fire in Bongaigaon: বঙাইগাঁৱত ঘৰৰ দোকানতে অগ্নিসংযোগ কৰিলে পুত্ৰই

বঙাইগাঁও, ২৮ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত মুলবাৰীত অঘটন (Incident at Mulbari in Bongaigaon)। পিতা-পুত্ৰৰ কাজিয়াৰ পিছতেই পিতৃৰ দোকান গৃহত অগ্নিসংযোগ কৰিলে পুত্ৰই । উল্লেখ্য় যে দীৰ্ঘদিন ধৰি পুত্ৰ হাছেন আলী আৰু পিতৃ আব্দুল বাছেতৰ মাজত পাৰিবাৰিক কন্দল অব্যাহত আছিল । এই পাৰিবাৰিক কন্দল চলি থকাৰ পৰিপ্ৰেক্ষিততে এই ঘটনাটো সংঘটিত হয় ।

ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে নিশা ১০ বজাত হাছেন আলী আৰু পিতৃ আব্দুল বাছেতৰ মাজত কোনো বিষয়ক লৈ কাজিয়াৰ সূত্ৰপাত হয় । এই কাজিয়াৰ পিছতেই খঙৰ ভমকত পুত্ৰ হাছেন আলীয়ে পিতৃ আব্দুল বাছেতৰ দোকান গৃহত অগ্নিসংযোগ কৰে (Shop set on fire at Mulbari in Bongaigaon)। দোকানখনত অগ্নিসংযোগ কৰাৰ ফলত বিভিন্ন সা-সামগ্ৰী নষ্ট হয় । পুত্ৰ হাছেন আলীয়ে দোকানতে কেৱল অগ্নিসংযোগ কৰি ক্ষান্ত নাথাকি ঘৰৰ আচবাবো ভাঙি লণ্ড-ভণ্ড কৰে ।

ঘটনা সংঘটিত কৰাৰ পিছতেই হাছেন আলীয়ে সেই স্থানৰ পৰা পলায়ন কৰে । পিছত পিতৃ আব্দুল বাছেতৰে স্থানীয় ৰাইজৰ সহযোগত বিচাৰ-খোচাৰ কৰে যদিও বিচাৰি পোৱা নাছিল । ইফালে সেই সময়তে হাছেন আলীয়ে পথাৰৰ মাকৈ খেতি এফালৰ পৰা কাটি তহলিং কৰে । পিতৃ আব্দুল বাছেতে কয় যে হাছেন আলীয়ে পূৰ্বৰে পৰা ঘৰত লুকুৱাই ৰখা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তেওঁক মৃত্য়ুৰ ভাবুকি দি আহিছিল ।

লগতে পঢ়ক:Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

কি কাৰণত পুত্ৰ হাছেন আলী আৰু পিতৃ আব্দুল বাছেতৰ মাজত এনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছে সেয়া জানিব পৰা নাই । পিতৃয়ে দ্বিতীয় বিবাহ কৰাৰ পিছত পুত্ৰক গুৰুত্ব নিদিয়াৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । আনকি পিতৃ আব্দুল বাছেতে পুত্ৰৰ স্কুলীয়া কিতাপ-পত্ৰ আদি ভস্মীভূত কৰাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় আন একাংশ ৰাইজে ।

লগতে পঢ়ক:State anthem disrespect issue: জাতীয় সংগীতক অপমান, ডিব্ৰুগড়ৰ সাংস্কৃতিক উন্নয়ন বিষয়াক নিলম্বন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.