Shaurya jagran yatra 2023 : ‘শৌর্য্য জাগৰণ যাত্ৰা’ই সচেতন কৰিবনে দেশবাসীক ! - বীৰ লাচিত বৰফুকন
🎬 Watch Now: Feature Video


Published : Oct 10, 2023, 7:13 PM IST
গুৱাহাটী, 10 অক্টোবৰ: সমাজৰ শান্তি, ঐক্যৰ প্ৰতি দেশবাসীক সচেতন কৰাৰ উদ্দেশ্যেৰে বজৰং দলৰ নেতৃত্বত অসম আৰু মেঘালয়ত ‘শৌর্য্য জাগৰণ যাত্ৰা’ৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে ৷ সমগ্ৰ দেশৰ লগতে 7 অক্টোবৰৰ পৰা অসম আৰু মেঘালয়ত ‘শৌর্য্য জাগৰণ যাত্ৰা’ কাৰ্যসূচী চলি আছে ।
পাঁচটা স্থানৰ পৰা আৰম্ভ হোৱা যাত্ৰাই বিভিন্ন স্থান ভ্ৰমণ কৰি 14 অক্টোবৰত গুৱাহাটীৰ লাচিত ঘাটত উপস্থিত হ'ব । যাত্ৰাৰ সামৰণি পৰ্ব উপলক্ষে 14 অক্টোবৰ শনিবাৰে আবেলি চাৰি বজাত লাচিত ঘাটত এখন সভা অনুষ্ঠিত কৰা হৈছে । বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি আৰু অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ মহামন্ত্ৰী চম্পত ৰায়ে উক্ত সভাখন সম্বোধন কৰিব বুলি আজি সংবাদমেল যোগে জানিবলৈ দিয়ে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সভাপতি পৰমেশ দত্তই ।
তেওঁ লগতে কয়, ‘‘এই যাত্ৰাকালত উত্তৰ-পূবৰ বহিঃআক্ৰমণকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰা বীৰ লাচিত বৰফুকন, চিলাৰায়, পিয়লি ফুকন, মূলাগাভৰু, বীৰ টিকেন্দ্ৰজিৎ সিং, কুশল কোঁৱৰ, কনকলতা, বাণী গাইডালু বিজয় লগতে চৰম ত্যাগৰ বীৰৰ গাঁথাৰে ৰাইজক উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে । বৰ্তমান বিভিন্ন স্থানত চলি থকা ‘শৌৰ্য্য জাগৰণ' যাত্ৰাত ৰাইজৰ বিপুল সহযোগ আৰু আশীর্বাদে আমাক উৎসাহিত কৰিছে ।’’